তথ্যৰ
সঠিকতা:
এই ৱেবচাইটত প্ৰকাশিত
সকলো তথ্য সংগঠনৰ
আভ্যন্তৰীণ আৰু ব্ৰাহ্মণিক
তথ্যৰ ওপৰত ভিত্তি
কৰি উপস্থাপন কৰা
হৈছে। তথাপিও, তথ্যৰ সঠিকতা,
সম্পূর্ণতা, আৰু সাম্প্ৰতিকতাৰ
বিষয়ে সংগঠনে কোনো
নিশ্চয়তা প্ৰদান নকৰে।
"UNITY BRIDGE"ত
প্ৰদত্ত তথ্য ব্যৱহাৰ
কৰাৰ পূৰ্বে অনুগ্ৰহ
কৰি নিজস্ব বিচাৰ-বুদ্ধি আৰু
পৰামৰ্শ ল’বলৈ
আহ্বান জনোৱা হ’ল।
তৃতীয়
পক্ষৰ সংযোগ:
এই ৱেবচাইটত অন্তৰ্ভুক্ত
তৃতীয় পক্ষৰ সংযোগসমূহ
মাত্ৰ সুবিধাৰ অৰ্থে
প্ৰদান কৰা হৈছে।
সংগঠনে এই সংযোগৰ
কণ্টেণ্ট বা সেৱাৰ
ওপৰত কোনো নিয়ন্ত্ৰণ
ৰাখে বা প্ৰত্যক্ষ
দায়িত্ব বহন নকৰে।
কোনো বাহ্যিক সংযোগৰ
ব্যৱহাৰৰ ফলত হোৱা
ক্ষতিৰ বাবে সংগঠন
কোনো দায়িত্ব নলয়।
ব্যক্তিগত
মতামত আৰু পৰামৰ্শ:
"UNITY BRIDGE"ৰ
ৱেবচাইটত প্ৰকাশিত সকল
মতামত, পৰামৰ্শ, আৰু তথ্য
শুধুমাত্ৰ প্ৰদানকাৰীৰ ব্যক্তিগত
মতামতত সীমিত। এইবোৰৰ
পৰা উদ্ভৱ হোৱা
যিকোনো ধৰণৰ ক্ষতিৰ
বাবে সংগঠনে কোনো
দায়িত্ব ল’ব
নোৱাৰে।
ফলাফল
আৰু সফলতা:
সংগঠনে আগবঢ়োৱা সকল
সেৱা, শিকাৰ পথপ্ৰদৰ্শন
বা স্ব-অধিকাৰৰ
প্ৰচেষ্টাৰ ফলাফল ব্যক্তিগত
পৰিস্থিতি আৰু প্ৰচেষ্টাৰ
ওপৰত নিৰ্ভৰ কৰে।
সেয়া পৰিস্ফুটিত হ'ব পাৰে
বা নহ’বও
পাৰে। "UNITY
BRIDGE" কোনো সফলতা নিশ্চয়তা
নকৰে।
আইনী
দায়বদ্ধতা:
এই ৱেবচাইটৰ ব্যৱহাৰকাৰীসকলৰ বাবে
"UNITY BRIDGE" কোনো
আইনী দায়বদ্ধতা গ্ৰহণ
নকৰে। সংগঠনৰ তথ্য
বা সেৱা ব্যৱহাৰ
কৰাৰ পূৰ্বে নিজস্ব
পৰামৰ্শ গ্ৰহণ কৰা
উচিত। সংগঠনৰ যিকোনো
সেৱা, তথ্য, বা পৰামৰ্শৰ
বাবে আইনী বিষয়ত
কোনো সমস্যা উদ্ভৱ
হ’লে সংগঠনক
দায়ী কৰা নাযায়।
বাৰ্তা
আৰু যোগাযোগ:
সংগঠনৰ ৱেবচাইটত প্ৰকাশিত
সকল তথ্য, সংবাদ, আৰু দিশ-নিৰ্দেশনা কেৱল
তথ্যৰ বাবে মাত্ৰ।
যিকোনো ধৰণৰ সমস্যা,
পৰামৰ্শ বা জিজ্ঞাসাৰ
ক্ষেত্ৰত সংগঠনৰ সৈতে
যোগাযোগ স্থাপন কৰিব
পাৰি। সংগঠনৰ কৰ্মীসকলে
সক্ৰিয়ভাৱে আপোনাৰ সকলো
প্ৰশ্নৰ উত্তৰ দিবলৈ
প্রস্তুত।
সংগঠনৰ অধিকাৰ সংৰক্ষণ
"UNITY BRIDGE" সংগঠনে যিকোনো সময়ত ৱেবচাইটৰ কন্টেণ্ট, তথ্য, বা নীতি-নিয়মবোৰ পৰিবৰ্তন কৰিবলৈ পূৰ্ণ অধিকাৰ সংৰক্ষণ কৰে। এই পৰিবৰ্তনসমূহৰ বাবে কোনো পূৰ্ব ঘোষণা বা জনসাধাৰণৰ অনুমতিৰ প্ৰয়োজন নহয়।
উপসংহাৰ:
"UNITY BRIDGE" মহিলা
আৰু ছাত্ৰ-ছাত্ৰী
স্ব-অধিকাৰ সংগঠনে
স্ব-অধিকাৰৰ ক্ষেত্ৰত
সহায়-সহযোগিতা আগবঢ়ালেও,
তথ্যৰ সঠিকতা আৰু
ব্যৱহাৰকাৰীৰ দায়িত্ব বিষয়ে
সদায় সজাগ থকাৰ
আহ্বান জনাই। এই
অস্বীকৃতিবিধিৰ মাজেৰে সংগঠনে
নিজৰ দায়মুক্তি ঘোষণা
কৰিছে।