aads

"UNITY BRIDGE"ৰ সহায়ত মহিলাৰ অৰ্থনৈতিক উন্নয়নৰ বাবে স্বয়ম্ভৰ গোট (Self-Help Groups - SHGs) গঠনৰ প্ৰয়াস

মহিলা শক্তিকৰণ আৰু অৰ্থনৈতিক উন্নয়ন এটি সমাজৰ অগ্ৰগতিৰ মূল চাবিকাঠি। মহিলাৰ নিজৰ অৰ্থ আয়েৰে স্বাভলম্বী হোৱাৰ ক্ষমতা আৰু নিজক উন্নয়নৰ পথত আগবঢ়োৱাৰ পৰিকল্পনাৰে "UNITY BRIDGE" নামৰ এটি মহিলাৰ আৰু শিক্ষাৰ্থীৰ শক্তিকৰণ সংগঠন আগবঢ়াইছে এটি বিশেষ পদক্ষেপ - আত্মসহায়ক গোট (Self-Help Groups - SHGs) গঠনৰ। এই গোটবোৰৰ জৰিয়তে মহিলাসকলে নিজ নিজ ক্ষেত্ৰত অৰ্থনৈতিক স্থিতিশীলতা লাভ কৰাৰ লগতে সমাজৰ ভিতৰত নিজৰ পৰিচয় গঢ়াৰ সুযোগ লাভ কৰিব

"UNITY BRIDGE" প্ৰয়াস আৰু উদ্যোগ:

"UNITY BRIDGE" য়ে মহিলাসকলক স্বয়ম্ভৰ গোট গঠনৰ বাবে প্রশিক্ষণ, সহায় আৰু নেতৃত্ব প্ৰদান কৰে আৰু প্ৰত্যেক গোটৰ সদস্যক সংগঠিত কৰি এনে ধৰণে উদ্যোগী কৰা হয় মহিলাসকলে নিজেই নিজৰ নেতৃত্ব আৰু ব্যৱস্থাপনা দক্ষতা বিকাশ কৰিব পাৰে

প্ৰশিক্ষণ আৰু শিক্ষাৰ ভূমিকা:

এই গোটবোৰ গঠনৰ লগত সংগঠনটোৱে মহিলাসকলক নতুন নতুন কৌশল আৰু ব্যৱসায়ৰ ক্ষেত্ৰত আগবঢ়াই লৈ যাবলৈ বিভিন্ন ধৰণৰ প্রশিক্ষণ আৰু শিক্ষা প্ৰদান কৰে। মহিলাসকলক অনলাইন ব্যৱসায়ৰ গুৰুত্ব, বিপণন কৌশল, আৰু ব্যৱসায়ৰ আয়-ব্যয় পৰিচালনা আদিৰ বিষয়ে জ্ঞান দিয়াৰ লগতে, তেওঁলোকক কিছুমান পৰিসীমা ৰখা সঞ্চয় আৰু লগত লগত ঋণ পৰিচালনা কৰাৰ প্ৰক্ৰিয়া শিকোৱা হয়

অৰ্থনৈতিক উন্নয়ন আৰু সামাজিক স্থিতি:

"UNITY BRIDGE" সহায়ত গঠিত আত্মসহায়ক গোটবোৰৰ দ্বাৰা মহিলাসকলে মাত্ৰ নিজকে অৰ্থনৈতিকভাৱে স্বাভলম্বী কৰি তুলিবই নহয়, নিজৰ পৰিয়াল আৰু সমাজৰ বাবে এক নতুন দিশ আৰম্ভণি কৰিব পাৰে। মহিলাসকলে নিজৰ বাবে আয়ৰ উৎস সৃষ্টি কৰাৰ পিছত, তেওঁলোকৰ সমাজত পৰিচয় আৰু স্থান অধিক শক্তিশালী হয়। এইধৰণৰ আত্মসহায়ক গোটে মহিলাসকলৰ মাজত নেতৃত্বদানের ক্ষমতা আৰু আত্মবিশ্বাসৰ বিকাশ ঘটায়

উদ্যম আৰু আগবঢ়োৱা লক্ষ্য:

"UNITY BRIDGE" দৰ্শনৰ অন্যতম লক্ষ্য হৈছে - সকলো মহিলাই নিজৰ আয়েৰে নিজকে উন্নত কৰি পৰিয়ালৰ মঙ্গল সাধন কৰা আৰু সমাজত এক নেতৃত্ব স্থাপন কৰা। আত্মসহায়ক গোটৰ দ্বাৰা মহিলাসকলে যি দিশত আগবঢ়িব পৰা যায়, সেইটো স্পষ্টতয়ে দেখিবলৈ পোৱা গৈছে

Post a Comment

0 Comments